লণ্ডনৰ অ’ভেলত অনুষ্ঠিত এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফীৰ পঞ্চম তথা অন্তিমখন টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে কালি দুটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৭৫ ৰানৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৩ বজাত আৰম্ভ হ’ব।
যশস্বী জয়ছোৱালে ৫১ আৰু আকাশ দীপে ৪ ৰান কৰি খেলি আছিল। ইংলেণ্ডৰ হৈ গাছ আটকিন্সন আৰু জছ টঙে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে ২৪৭ ৰানত নিজৰ প্ৰথম ইনিংছ সামৰে। ভাৰতে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ২২৪ ৰান কৰে।
Assamese | August 2, 2025 1:01 PM | Cricket
এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফীৰ অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত ভাৰতৰ ২ উইকেটত ৭৫ ৰাণ সংগ্ৰহ