October 30, 2026 11:31 AM | Cm tinshukia

printer

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৩ লাখ কোটি টকাৰ প্ৰকল্পৰ কাম বিভিন্ন পৰ্যায়ত ৰূপায়িত হৈ আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

ৰাজ্য চৰকাৰে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৫ লাখ ১৮ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছিল। আৰু ইয়াৰে ৩ লাখ কোটি টকাৰ প্ৰকল্পৰ কাম বিভিন্ন পৰ্যায়ত ৰূপায়িত হৈ আছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ সময়ত কে ডি গ্ৰুপ আৰু ৰাজ্য চৰকাৰৰ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সৈতে হোৱা বুজাবুজি চুক্তি অনুসৰি তিনিচুকীয়াত লাইটব্রিকছ প্রাইভেট লিমিটেডৰ উদ্যোগত গ্ৰীণ এ এ চি ব্লক নির্মাণ উদ্যোগ প্ৰতিষ্ঠা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি তিনিচুকীয়াৰ এই উদ্যোগটো শুভাৰম্ভ কৰি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে তিনিচুকীয়াৰ এই ব্লক নিৰ্মাণৰ প্ৰতিষ্ঠানে ৰাজ্যৰ ঔদ্যোগিক বিকাশত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে।

৫৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই উদ্যোগে ৰাজ্যত নতুন ক্ষুদ্র উদ্যোগৰ সৃষ্টি কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই উদ্যোগৰ জৰিয়তে কর্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াত আন কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ তিনিচুকীয়াৰ গেলাপুখুৰীত নির্মীয়মান প্রেক্ষাগৃহৰ লগতে আই এছ বি টিৰ বাবে আবণ্টিত ভূমি পৰিদৰ্শন কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰগুৰিৰ মটক ৰজা সৰ্বানন্দ সিংহ ষ্টেডিয়াম, লোণপুৰীয়াত প্ৰস্তাৱিত সৰ্বানন্দ সিংহ সমন্বয় ক্ষেত্ৰ নিৰ্মাণৰ বাবে প্ৰস্তাৱিত এলেকা পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে লগতে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি মহাবিদ্যালয়খনৰ প্ৰতিটো বিভাগৰ চিকিৎসকৰ লগত আলোচনাত মিলিত হয়। ড° শৰ্মাই চিকিৎসা মহাবিদ্যালয়খনৰ সম্প্ৰসাৰিত ডায়েলাইছিছ গোট উদ্বোধন কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।