October 30, 2026 11:31 AM
5
এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৩ লাখ কোটি টকাৰ প্ৰকল্পৰ কাম বিভিন্ন পৰ্যায়ত ৰূপায়িত হৈ আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ
ৰাজ্য চৰকাৰে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৫ লাখ ১৮ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছিল। আৰু ইয়াৰে ৩ লাখ কোটি টকাৰ প্ৰকল্পৰ কাম বিভিন্ন পৰ্যায়ত ৰূপায়িত হৈ আছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ সময়ত কে ডি গ্ৰুপ আৰু ৰাজ্য চৰকাৰৰ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সৈতে হোৱা বুজাবুজি চুক্তি অনুসৰি তিনিচুকীয়াত লাইটব্রিকছ প্রাইভেট লিমিটেডৰ উদ্যোগত গ্ৰীণ এ এ চি ব্লক নির্মাণ উদ্যোগ প্ৰতিষ্ঠা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি তিনিচুকীয়াৰ এই উদ্যোগটো শুভাৰম্ভ কৰি এডভান্টেজ আছা...