এছিয়াৰ দীর্ঘতম সুৰংগ, জম্মু-কাশ্মীৰৰ জ’জিলা সুৰংগ নিৰ্মাণৰ কাম প্রায় ৭০ শতাংশ সম্পূৰ্ণ হৈছে। ৫,৫০০ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই প্রকল্পই শ্রীনগৰ আৰু লাডাখৰ মাজত বছৰৰ সকলো সময়তে যোগাযোগ সম্ভৱ কৰি তুলিব। ১৩ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ মূল সুৰংগপথ আৰু সুৰংগলৈ সংযোগী ১৭ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ সুৰংগ পথকে ধৰি জ’জিলা সুৰংগ প্ৰকল্পৰ মুঠ দৈর্ঘ্য হৈছে ৩০ কিলোমিটাৰতকৈ অধিক। লোকসভাৰ প্ৰশ্নকালত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে জম্মু-কাশ্মীৰত ২ লাখ কোটি টকাৰ পথ আন্তঃগাঁথনি প্রকল্প ৰূপায়ণ কৰা হৈছে। কেন্দ্ৰীয়শাসিত অঞ্চলটোত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে ১০৫ টা অতিৰিক্ত সুৰংগ নিৰ্মাণ কৰি থকা হৈছে বুলি শ্রী গাডকাৰীয়ে লগতে জানিবলৈ দিয়ে। তেওঁ কয়, যে জম্মু আৰু কাশ্মীৰ খণ্ডৰ মাজৰ ২২ টা সুৰংগৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে আৰু আন ১৪ টা সুৰংগ সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰি আছে। আটাইবোৰ সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে যাত্ৰাৰ সময় বৰ্তমানৰ ৯ ঘণ্টাৰ বিপৰীতে ৩.৩০ ঘণ্টালৈ হ্রাস হ’ব।
Assamese | March 27, 2025 3:58 PM | Akashvani | zojila tunnel
এছিয়াৰ দীর্ঘতম সুৰংগ, জম্মু-কাশ্মীৰৰ জ’জিলা সুৰংগ নিৰ্মাণৰ কাম প্রায় ৭০ শতাংশ সম্পূৰ্ণ