এছিয়ান গেমছৰ ১০ মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অর্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল খুটিঙত ভাৰতৰ হিমাংশু ধিলনে ২৫২.৪ পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্রাংশ পাটিলে ২৩০.৯ পইণ্টেৰে ব্ৰঞ্জৰ পদক অর্জন কৰিছে।

ইয়াৰ পূৰ্বে হিমাংশু ধিলন, পার্থ মানে আৰু ৰুদ্ৰাংশ পাটিলেৰে গঠিত ভাৰতীয় দলটোৱে ১০ মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অর্জন কৰে। ইফালে মিক্সড সমৰকলাৰ মহিলাৰ ৬০ কিলোগ্রাম শাখাৰ ছেমি ফাইনেলত ছুচিকা টাৰিৱালে ছিংগাপুৰৰ টিউ হই হানৰ হাতত ০-২ ফলাফলত পৰাজয় বৰণ কৰি ব্ৰঞ্জৰ পদক অর্জন কৰে।

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে হিমাংশু ধিলন, পার্থ মানে আৰু ৰুদ্রাংশ পাটিলে এছিয়ান গেমছৰ দলীয় শাখাত ৰূপৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে তেওঁলোকক অনাগত দিনসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড০ মনসুখ মন্দাভিয়াই এছিয়ান গেমছৰ ২০২৬ৰ মিক্সড সমৰকলাৰ মহিলাৰ ৬০ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক অর্জন কৰাৰ ছুচিকা টাৰিৱালক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া পোষ্টত শ্রীমন্দাভিয়াই কয়, যে এয়া এক ঐতিহাসিক মুহূর্ত কিয়নো এয়া হৈছে মিক্সড সমৰকলাত ভাৰতৰ প্ৰথমটো পদক।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হিমাংশু ধিলন, পার্থ মানে আৰু ৰদ্রাংশ পাটিলকো এছিয়ান গেমছৰ ১০ মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক লাভকৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।