জাপানৰ ইচিমনিয়া ছিটি মিউনিচিপাল জিমনেছিয়ামত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে আজি বাংলাদেশক ৩-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে।
ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে আইমা নিবানক ২১-৪, ২১-১২ ছেটত পৰাস্ত কৰে। ভাৰতৰ আয়ুষ ছেটীয়ে গৌৰৱ সিংহক ২১-৪,২১-১৩ ছেটত পৰাস্ত কৰে আৰু কিদাম্বি শ্রীকান্তে জুমাৰ আল আমিনক ২১-১৫, ২১-৯ ছেটত পৰাস্ত কৰে।
ভাৰতীয় দলটোৱে কাইলৈ কোৱাৰ্টাৰ ফাইনেলত আয়োজক দেশ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইপিনে ভাৰতীয় মহিলা বেডমিণ্টন দলটো কাইলৈ কোৱাৰ্টাৰ ফাইনেলত আয়োজন দেশ জাপানৰ বিৰুদ্ধে অবতীর্ণ হব। দলটোৱে কালি কাজাখাস্তানক ৩-০ ৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।