September 21, 2026 8:41 PM
12
এছিয়ান গেমছত ভাৰতৰ পুৰুষ বেডমিণ্টন দলৰ বাংলাদেশক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ
জাপানৰ ইচিমনিয়া ছিটি মিউনিচিপাল জিমনেছিয়ামত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে আজি বাংলাদেশক ৩-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে আইমা নিবানক ২১-৪, ২১-১২ ছেটত পৰাস্ত কৰে। ভাৰতৰ আয়ুষ ছেটীয়ে গৌৰৱ সিংহক ২১-৪,২১-১৩ ছেটত পৰাস্ত কৰে আৰু কিদাম্বি শ্রীকান্তে জুমাৰ আল আমিনক ২১-১৫, ২১-৯ ছেটত পৰাস্ত কৰে। ভাৰতীয় দলটোৱে কাইলৈ কোৱাৰ্টাৰ ফাইনেলত আয়োজক দেশ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ভাৰতীয় মহিলা বেডমিণ্টন দলটো কাইলৈ কোৱাৰ্টাৰ ফাইনেলত আয়োজন...