ক্রীড়া আৰু যুব কল্যাণ বিভাগে অলিম্পিক খেলুৱৈসকলক প্রশিক্ষণ দিয়া দেশৰ বিখ্যাত সংস্থা ইনস্পায়াৰ ক্ৰীড়া প্রতিষ্ঠানৰ সহযোগত গুৱাহাটীত এটা অত্যাধুনিক ছেটেলাইট ক্রীড়া কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যৰ প্ৰতিভাবান যুৱ খেলুৱৈসকলক উন্নত তথা আধুনিক ক্রীড়া প্রশিক্ষণ প্রদানৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ক্রীড়া বিভাগ আৰু ইনস্পায়াৰ প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত পৰিচালিত এই কেন্দ্ৰৰ জৰিয়তে প্রথম পর্যায়ত এথলেটিকছ, আৰ্চাৰী, টাইকোৱাণ্ডো, টেবুল টেনিছ, লন টেনিছ, দবা আৰু সাঁতোৰৰ শিবিৰৰ আয়োজন কৰা হৈছে। দবা খেলেৰে কাইলৈৰ পৰা হ’বলগীয়া এই শিবিৰত দেশৰ অলিম্পিক কাৰ্যসূচী অনুযায়ী দীর্ঘম্যাদী প্রশিক্ষণ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি প্ৰদৰ্শনৰ ভিত্তিত খেলুৱৈ চিনাক্তকৰণ আৰু প্ৰশিক্ষকৰ বিকাশৰ বাবে কাম কৰা হ’ব।
Assamese | January 15, 2026 7:10 PM | SPORTS
উন্নত ক্রীড়া প্ৰশিক্ষণৰ উদ্দেশ্যে ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ গুৱাহাটীত অত্যাধুনিক ছেটেলাইট ক্রীড়া কেন্দ্ৰৰ নিৰ্মাণৰ পৰিকল্পনা