উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি নলবাৰী আৰু বজালী জিলাৰ বহুকেইটা উদ্যোগৰ কাম-কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে টিহুৰ নাথকুছিত থকা নর্থ-ইষ্ট মেগা ফুড পার্ক পৰিদৰ্শন কৰি উদ্যোগসমূহৰ উৎপাদন ব্যৱস্থা, আন্তঃগাঁথনি আৰু সামগ্রিক কাৰ্যকলাপৰ বুজ লয়।
শ্রীবৰাই তামোলৰ ঢকুৱাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী অস্ট্রেলিয়া, কলম্বিয়াকে ধৰি বিভিন্ন দেশলৈ ৰপ্তানি কৰি সফলতা লাভ কৰা স্থানীয় উদ্যোগৰ শলাগ লয়। পৰিদৰ্শনকালত শ্ৰীবৰাই এই উদ্যোগসমূহৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে আৰু উদ্যোগ বিকাশৰ বাবে চৰকাৰৰ প্ৰয়োজনীয় সহযোগিতা অব্যাহত থাকিব বুলি আশ্বাস দিয়ে।
মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে পাঠশালাৰ তিতকাৰ ঔদ্যোগিক পাম পৰিদৰ্শন কৰে। সাংবাদিকৰ আগত শ্রীবৰাই ঔদ্যোগিক ক্ষেত্র আগবাঢ়িলেহে অর্থনৈতিকভাৱে ৰাজ্যখন আগবাঢ়িব পাৰিব বুলি উল্লেখ কৰে। তেওঁ যুৱক-যুবতীসকলক উদ্যোগ স্থাপনৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
পৰিদৰ্শনকালত তেওঁ উদ্যোগসমূহৰ বিষয়াসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰে। বিশেষকৈ পথ যোগাযোগ সম্পর্কীয় সমস্যাৰ দ্রুত সমাধানৰ বাবে তেওঁ সংশ্লিষ্ট বিষয়াসকলক প্রয়োজনীয় ব্যৱস্থা ল’বলৈ নির্দেশ দিয়ে।