July 19, 2026 12:00 PM
8
উদ্যোগ মন্ত্রী বিমল বৰাৰ নলবাৰী আৰু বজালী জিলাৰ বহুকেইটা উদ্যোগৰ কাম কাজ পৰিদৰ্শন
উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি নলবাৰী আৰু বজালী জিলাৰ বহুকেইটা উদ্যোগৰ কাম-কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে টিহুৰ নাথকুছিত থকা নর্থ-ইষ্ট মেগা ফুড পার্ক পৰিদৰ্শন কৰি উদ্যোগসমূহৰ উৎপাদন ব্যৱস্থা, আন্তঃগাঁথনি আৰু সামগ্রিক কাৰ্যকলাপৰ বুজ লয়। শ্রীবৰাই তামোলৰ ঢকুৱাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী অস্ট্রেলিয়া, কলম্বিয়াকে ধৰি বিভিন্ন দেশলৈ ৰপ্তানি কৰি সফলতা লাভ কৰা স্থানীয় উদ্যোগৰ শলাগ লয়। পৰিদৰ্শনকালত শ্ৰীবৰাই এই উদ্যোগসমূহৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে আৰু উদ্যোগ বি...