September 25, 2026 11:15 AM | PM Seva Sankalp

printer

উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা গুজৰাটৰ ৱাডনগৰলৈ সেৱা সংকল্প অভিযান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা গুজৰাটৰ ৱাডনগৰলৈ সেৱা সংকল্প অভিযানৰ অধীনত উলিওৱা সেৱা যাত্ৰাত অংশগ্ৰহণকাৰীসকলৰ সৈতে ভিডিঅ কনফাৰেন্সিংযোগে বাৰ্তালাপ কৰিব। প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই বার্তালাপত সেবা যাত্রীসকলে এই যাত্রাত হোৱা অভিজ্ঞতা ভাগ-বতৰা কৰিব পাৰিব। উল্লেখযোগ্য যে যোৱা ১৭ ছেপ্তেম্বৰত আৰম্ভ হোৱা এই সেৱা যাত্রা হৈছে সেবা সংকল্প অভিযানৰ অধীনত প্রধানমন্ত্রী শ্রীমোদীৰ ২৫ বছৰীয়া ৰাজনৈতিক যাত্রাত এক এক আলোকপাত কার্যসূচী। যাত্রীসকলে চহৰ, নগৰ, জিলা আৰু গাঁওসমূহৰ পৰা অংশগ্ৰহণ কৰাৰ লগতে তৃণমূল পর্যায়ত জনসাধাৰণৰ অংশগ্ৰহণ আৰু সেৱাত গুৰুত্ব আৰোপ কৰিছে। এই যাত্রা কেবল এটা মটৰ চাইকেল যাত্রাতেই সীমিত নহয়, বৰঞ্চ এই যাত্রাই সেরা, যোগাযোগ, যুব অংশগ্রহণ, সামাজিক কল্যাণ, সাংস্কৃতিক সংযোগ আৰু বিভিন্ন অঞ্চলৰ সামূহিক অংশগ্রহণো নিশ্চিত কৰিছে। বাৰানসী আৰু ৱাডনগৰৰ মাজত হোৱা এই দুদিনীয়া মটৰ চাইকেল যাত্ৰাত যুৱ অংশগ্ৰহণকাৰীসকলে কেইবাখনো ৰাজ্য, জিলা আৰু গাঁও অতিক্ৰম কৰি আহিছে। এই যাত্রা কালত সেৱাযাত্রীসকলে স্থানীয় সম্প্রদায়ৰ সৈতে লগ হৈ বিভিন্ন সেবামূলক কাম-কাজতো অংশগ্রহণ কৰিছে। এই যাত্রাই বিভিন্ন বিদ্যালয়, চিকিৎসালয়, নাৰ্ছিং হোম আৰু অন্যান্য সামুহিক স্থানত হিতাধিকাৰী আৰু স্থানীয় বাসিন্দাৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে স্বচ্ছতা কাৰ্যসূচীকো সামৰি লৈছে। এই যাত্রা অহা ৭ অক্টোবৰলৈ অব্যাহত থাকিব।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি ৱাডনগৰৰ পৰা বাৰানসীলৈ যাত্ৰা কৰা সেৱা যাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ তৃণমূল পর্যায়ত তেওঁলোকৰ এই পদক্ষেপক প্রশংসা কৰিছে।

বাৰ্তালাপৰ সময়ত শ্রীমোদীয়ে অংশগ্রহণকাৰীসকলক যাত্রা কালত হোৱা তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে প্রশ্ন কৰাৰ লগতে জনসাধাৰণৰ সৈতে হোৱা কথোপকথন আৰু তেওঁলোকৰ পৰা লাভ কৰা শিক্ষাৰ বিষয়েও জানিবলৈ আগ্রহী হয়। এই কথা-বতৰাৰ পৰা শ্রীমোদীয়ে অংশগ্রহণকাৰীসকলে যাত্রাপথত মুখামুখি হোৱা বিভিন্ন প্রত্যাহ্বান, পৰিৱৰ্তিত বতৰ আৰু ঠাই সলনিৰ লগে লগে হোৱা অভিজ্ঞতাসমূহৰ সৈতে অৱগত হয়। এই বাৰ্তালাপৰ সময়ত শ্রীমোদীয়ে যাত্রীসকলৰ শেহতীয়া অভিজ্ঞতাৰ সৈতে সংযুক্ত হোৱাৰ লগতে যাত্ৰীসকলে বিভিন্ন ৰাজ্যৰ মাজেৰে কৰা যাত্ৰাই নতুন প্ৰজন্মক দেশৰ বৈচিত্র্যময় পৰিবেশৰ সৈতে চিনাকি কৰাই দিয়াত সমর্থ হোৱাৰ বিষয়েও অবগত হয়। ২০৪৭ চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এই যাত্রাই নৱ প্ৰজন্মক সহায় কৰাৰ লগতে তৃণমূল পর্যায়ত সেৱা আগবঢ়োৱাৰ বাবে অনুপ্রাণিত কৰিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।