September 9, 2026 8:02 PM | Train Time Change

printer

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ দুখন অতিৰিক্ত বিশেষ ৰে’লৰ চলাচলৰ সময়সূচী সলনিৰ সিদ্ধান্ত

সমাগত শাৰদ উৎসৱত যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে অতিৰিক্ত যাত্ৰীৰ ভিৰ সূচাৰুৰূপে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ পূৱ সীমান্ত ৰে’লৱেই দুখন অতিৰিক্ত বিশেষ ৰে’লৰ চলাচলৰ সময়সূচী সলনি কৰাৰ সিদ্ধান্ত লৈছে। ০৪০০৮ আৰু ০৪০০৭ সংখ্যক আনন্দ বিহাৰ টার্মিনেল-যোগবণী উৎসৱ বিশেষ এক্সপ্ৰেছৰ লগতে ০৮০৪৭ আৰু ০৮০৪৮ সাঁতাৰাগাছী জংচন-নাহৰলগুন বিশেষ ৰে’ল দুখনৰ চলাচলৰ সময়সীমা ১০ অক্টোবৰৰ পৰা ৭ নৱেম্বৰলৈ ৫টা আৰু ৩টা যাত্রালৈ বৃদ্ধি কৰা হৈছে। যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰেল দুখনত ডবাৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। শাৰদ উৎসৱৰ লগত সংগতি ৰাখি ৰে’লসমূহৰ স্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সামাজিক মাধ্যমত আৰু আই আৰ চি টিৰ ৱেবচাইটত উপলব্ধ হৈছে।