September 9, 2026 8:02 PM

views 4

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ দুখন অতিৰিক্ত বিশেষ ৰে’লৰ চলাচলৰ সময়সূচী সলনিৰ সিদ্ধান্ত

সমাগত শাৰদ উৎসৱত যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে অতিৰিক্ত যাত্ৰীৰ ভিৰ সূচাৰুৰূপে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ পূৱ সীমান্ত ৰে'লৱেই দুখন অতিৰিক্ত বিশেষ ৰে'লৰ চলাচলৰ সময়সূচী সলনি কৰাৰ সিদ্ধান্ত লৈছে। ০৪০০৮ আৰু ০৪০০৭ সংখ্যক আনন্দ বিহাৰ টার্মিনেল-যোগবণী উৎসৱ বিশেষ এক্সপ্ৰেছৰ লগতে ০৮০৪৭ আৰু ০৮০৪৮ সাঁতাৰাগাছী জংচন-নাহৰলগুন বিশেষ ৰে'ল দুখনৰ চলাচলৰ সময়সীমা ১০ অক্টোবৰৰ পৰা ৭ নৱেম্বৰলৈ ৫টা আৰু ৩টা যাত্রালৈ বৃদ্ধি কৰা হৈছে। যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰেল দুখনত ডবাৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। শাৰদ উৎসৱৰ লগত সংগত...

December 12, 2024 8:37 PM

views 50

প্ৰচণ্ড কুঁৱলীৰ বাবে কেইবাখনো ৰে’লগাড়ীৰ চলাচল বাতিল, সময়ৰ সালসলনি

ভাৰতীয় ৰে'লৱেই প্ৰচণ্ড কুঁৱলীৰ ফলত ৰে'লপথৰ দৃশ্যমানতা কমি যোৱাৰ বাবে উত্তৰ ভাৰত আৰু উত্তৰ-পূব ভাৰতলৈ চলাচল কৰা কেইবাখনো ৰে'লগাড়ীৰ চলাচল বাতিল অথবা সময়ৰ সালসলনি ঘটাইছে। সেই অনুসৰি ডিব্ৰুগড় আৰু চণ্ডীগড়ৰ মাজত চলাচল কৰা চণ্ডীগড় এক্সপ্ৰেছ ৰে'লগাড়ী দুখন অহা ২৮ ফেব্ৰুৱাৰীলৈকে বাতিল কৰা হৈছে। সেইদৰে কামাখ্যা আৰু গয়াৰ মাজত চলাচল কৰা উজনিমুৱা আৰু নামনিমুৱা এক্সপ্ৰেছ ৰে'লগাড়ী দুখন প্রতি সোমবাৰ আৰু মঙলবাৰে বাতিল কৰা হৈছে। কামাখ্যা আৰু আনন্দ বিহাৰৰ মাজত চলাচল কৰা দুয়ো দিশৰ এক্সপ্ৰেছ ৰেলগাড়ী দুখন প...