অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ যুটীয়া ৰাজ্যিক হজ সমিতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ হজ যাত্ৰী সকলক মদিনালৈ পঠিয়াবলৈ সাজু হৈছে। হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে আজি গুৱাহাটীৰ হাজি মুছাফিৰখানাত এখন সংবাদমেল আয়োজন কৰি ৩ মে’ৰ পৰা ৮ মে’লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ২ হাজাৰ ৭৮২ গৰাকী হজ যাত্ৰী মক্কা আৰু মদিনালৈ ৰাওনা হ’ব বুলি প্ৰকাশ কৰে। ইয়াৰে এহেজাৰ ৯২৭ গৰাকী পুৰুষ হজ যাত্ৰী আৰু ৮৫৫ গৰাকী মহিলা যাত্রী। অধ্যক্ষ জামানে প্ৰকাশ কৰা অনুসৰি হজ যাত্ৰাৰ বাবে ৩ মে’ত প্ৰথমটো দলে গুৱাহাটী বিমান বন্দৰৰ পৰা যাত্ৰা কৰিব। প্ৰতিদিনে এখনকৈ বিমানত ৩২১ গৰাকীকৈ যাত্ৰী ৰাওনা হ’ব। অসমৰ দুহেজাৰ ৭৪২ জন, মেঘালয়ৰ ২৬ জন আৰু মিজোৰামৰ পৰা এজন হজ যাত্ৰী মদিনালৈ যাব।
Assamese | April 30, 2025 8:06 PM | NE Haj
উত্তৰ-পূৰ্বাঞ্চলৰ হজ যাত্ৰীক মদিনালৈ পঠিয়াবলৈ সাজু