April 30, 2025 8:06 PM

views 43

উত্তৰ-পূৰ্বাঞ্চলৰ হজ যাত্ৰীক মদিনালৈ পঠিয়াবলৈ সাজু

অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ যুটীয়া ৰাজ্যিক হজ সমিতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ হজ যাত্ৰী সকলক মদিনালৈ পঠিয়াবলৈ সাজু হৈছে। হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে আজি গুৱাহাটীৰ হাজি মুছাফিৰখানাত এখন সংবাদমেল আয়োজন কৰি ৩ মে'ৰ পৰা ৮ মে’লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ২ হাজাৰ ৭৮২ গৰাকী হজ যাত্ৰী মক্কা আৰু মদিনালৈ ৰাওনা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰে এহেজাৰ ৯২৭ গৰাকী পুৰুষ হজ যাত্ৰী আৰু ৮৫৫ গৰাকী মহিলা যাত্রী। অধ্যক্ষ জামানে প্ৰকাশ কৰা অনুসৰি হজ যাত্ৰাৰ বাবে ৩ মে'ত প্ৰথমটো দলে গুৱ...