উত্তৰ পূৰ্বাঞ্চলৰ সর্ববৃহৎ জৈৱিক মচলা প্ৰসংস্কৰণ গোট মুকলি

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কালি মেঘালয়ৰ ৰিভয় জিলাৰ ভয়ৰিমবঙত উত্তৰ পূৰ্বাঞ্চলৰ সর্ববৃহৎ জৈৱিক মচলা প্ৰসংস্কৰণ গোট মুকলি কৰে। এই অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু চিকিমৰ মুখ্যমন্ত্রী প্রেমসিং টামাঙো উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভেলু চেইন উন্নয়ন অভিযানৰ উদ্যোগত আৰু পূৰ্বোত্তৰ ৰিভয় জৈৱিক কৃষক উৎপাদন কোম্পানী লিমিটেডৰ অধীনত এই প্ৰসংস্কৰণ গোট স্থাপন কৰা হৈছে। প্রায় ৩২ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰি উলিওৱা এই প্ৰসংস্কৰণ গোটত বছৰি ১০ হাজাৰ মেট্রিটনতকৈ অধিক হালধি, আদা, জালুক, জলকীয়াকে ধৰি বিভিন্ন জৈৱিক মচলাৰ প্ৰসংস্কৰণ কৰা যাব। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় জৈৱিক উৎপাদন কাৰ্যসূচী আৰু ইউৰোপীয় সংঘৰ জৈৱিক মানৰ প্ৰমাণ পত্ৰ থকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জৈৱিক মচলা প্ৰসংস্কৰণ কেন্দ্ৰ। এই গোটৰ জৰিয়তে উন্নতমানৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত জৈৱিক মচলাই বিশেষ স্থান লাভ কৰিব।

অনুষ্ঠানত সম্বোধি দিয়া ভাষণত শ্রীসীতাৰমণে ২০২৪ চনৰ জি আই টেক লাভ কৰা লাকাডং হালধীকে ধৰি উচ্চমানৰ জৈৱিক উৎপাদনৰ ক্ষেত্ৰত মেঘালয়ে গ্ৰহণ কৰা ভূমিকা প্রশংসা কৰে। তেওঁ বিশ্ব বজাৰত মেঘালয়ৰ বিভিন্ন প্ৰকাৰৰ আদাৰ বর্ধিত চাহিদাৰ বিষয়তো উল্লেখ কৰে। তেওঁ কয়, যে এই প্ৰসংস্কৰণ কেন্দ্ৰ স্থাপনে কৃষকৰ মালিকীস্বত্ব থকা উদ্যোগসমূহক শক্তিশালী কৰাৰ লগতে উপযুক্ত বজাৰ সৃষ্টি আৰু গ্ৰাম্য জীৱন ধাৰণৰ মান উন্নত কৰি এই প্ৰসংস্কৰণ গোটে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱিক কৃষি খণ্ডত এটা উল্লেখযোগ্য ভূমিকা পালন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।