June 20, 2026 12:41 PM
25
উত্তৰ পূৰ্বাঞ্চলৰ সর্ববৃহৎ জৈৱিক মচলা প্ৰসংস্কৰণ গোট মুকলি
কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কালি মেঘালয়ৰ ৰিভয় জিলাৰ ভয়ৰিমবঙত উত্তৰ পূৰ্বাঞ্চলৰ সর্ববৃহৎ জৈৱিক মচলা প্ৰসংস্কৰণ গোট মুকলি কৰে। এই অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু চিকিমৰ মুখ্যমন্ত্রী প্রেমসিং টামাঙো উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভেলু চেইন উন্নয়ন অভিযানৰ উদ্যোগত আৰু পূৰ্বোত্তৰ ৰিভয় জৈৱিক কৃষক উৎপাদন কোম্পানী লিমিটেডৰ অধীনত এই প্ৰসংস্কৰণ গোট স্থাপন কৰা হৈছে। প্রায় ৩২ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰি উলিওৱা এই প্ৰসংস্কৰণ গোটত বছৰি ১০ হাজাৰ মেট্রিটনত...