October 8, 2026 2:40 PM | CM Inauguration

printer

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো টাইলছ নির্মাণ উদ্যোগ উদ্বোধন

শোণিতপুৰ জিলাৰ দীঘলীচাপৰিত প্ৰতিষ্ঠা কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো টাইলছ নির্মাণ উদ্যোগ আজি উদ্বোধন কৰা হয়। দীঘলীচাপৰিৰৰ এ চি পি এল, এ আই ডি চি পার্কত আয়োজিত অনুষ্ঠানও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই উদ্যোগটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে। এই উদ্যোগটো সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়, যে প্রায় ২৫০ কোটি টকা বিনিয়োগেৰে গঢ় লৈ উঠা এই টাই নির্মাণ উদ্যোগে কমেও ৩২৫ গৰাকী লোকক প্রত্যক্ষ আৰু সহস্রাধিক লোকক পৰোক্ষভাবে কর্ম সংস্থাপন দিব। তদুপৰি স্থানীয় কেঁচা মাল, পৰিবহণকাৰী আৰু যোগানকাৰীক সহায় কৰাৰ লগতে ক্ষুদ্র ব্যৱসায়ক নতুন গতি দিব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে। এই উদ্যোগে গুজৰাটত কৰ্মৰত বহু দক্ষ অসমীয়া যুৱকক ৰাজ্যলৈ ঘূৰাই আনিবলৈ সমর্থ হৈছে বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে অসমৰ সম্পদ, প্রতিভা আৰু ঔদ্যোগিকীকৰণক সামৰি লৈ আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত এয়া এটা শক্তিশালী পদক্ষেপ হিচাপে পৰিগণিত হ’ব। আজিৰ অনুষ্ঠানত বিধায়ক পদ্মা হাজৰিকা উপস্থিত থাকে।