উত্তৰ-পূবৰ ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে বহিঃ সাহায্যপ্রাপ্ত প্ৰকল্পৰ ব্যৱহাৰ শীৰ্ষক আলোচনা

অসমে বহিঃ সাহায্যপ্রাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্রদান কৰিবলৈ সমর্থ হৈছে। শ্বিলঙত কালি কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ অধ্যক্ষতাত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিকাশ আৰু উন্নয়নৰ বাবে বহিঃ সাহায্যপ্রাপ্ত প্ৰকল্পৰ ব্যৱহাৰ শীৰ্ষক আলোচনাত অংশ লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই আলোচনাচক্ৰত কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে গোলকীয় উন্নয়ন সংস্থাসমূহৰ সহযোগিতাত ৰূপায়ণ কৰা বহিঃ সাহায্যপ্রাপ্ত প্রকল্পসমূহে এই ৰাজ্যকেইখনত আর্থসামাজিক বিকাশ আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি মাত্র তিনি বছৰ পাঁচ মাহৰ ভিতৰত নামনি কপিলী জলবিদ্যুৎ প্রকল্প সফলভাবে সম্পূৰ্ণ কৰাৰ বিষয়ে প্রকাশ কৰে। তেওঁ লগতে কুমাৰ ভাস্কৰ বার্মা সেতু আৰু আৰু নির্মীয়মান ধুবুৰী-ফুলবাৰী সেতুৰ দৰে যুগান্তকাৰী প্ৰকল্পসমূহে ৰাজ্যখনৰ শক্তিশালী উন্নয়নৰ নিদৰ্শন দাঙি ধৰিছে বুলি মন্তব্য কৰে।

ড° শর্মাই চতুর্দশ বিত্ত আয়োগৰ সময়ছোৱাত অসমে ৭ হাজাৰ ৫০০ কোটি টকাৰ ৯টা বৈদেশিক সাহায্যপ্রাপ্ত প্রকল্প লাভ কৰিছিল বুলি উল্লেখ কৰি পঞ্চদশ বিত্ত আয়োগৰ সময়ছোৱাত ৰাজ্যখনে ৫৩ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ অনুমোদন লাভ কৰাৰ কথা প্রকাশ কৰে। তেওঁ কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত অভূতপূর্ব বিকাশ সাধন হৈছে। স্বাস্থ্যসেৱা, শিক্ষা, নিয়োগ, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশ আদিৰ দিশত থকা প্ৰত্যাহ্বানসমূহ সমাধানৰ ক্ষেত্ৰত বহিঃ সাহায্যপ্রাপ্ত প্রকল্পসমূহৰ সুনির্দিষ্ট লক্ষ্য আৰু সুসংহতিত পদ্ধতিৰে ৰূপায়ণে এই খণ্ডৰ বিকাশত অৰিহণা যোগাইছে বুলি মুখ্যমন্ত্রী ড° শৰ্মাই উল্লেখ কৰে।