June 20, 2026 1:27 PM

views 15

উত্তৰ-পূবৰ ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে বহিঃ সাহায্যপ্রাপ্ত প্ৰকল্পৰ ব্যৱহাৰ শীৰ্ষক আলোচনা

অসমে বহিঃ সাহায্যপ্রাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্রদান কৰিবলৈ সমর্থ হৈছে। শ্বিলঙত কালি কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ অধ্যক্ষতাত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিকাশ আৰু উন্নয়নৰ বাবে বহিঃ সাহায্যপ্রাপ্ত প্ৰকল্পৰ ব্যৱহাৰ শীৰ্ষক আলোচনাত অংশ লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই আলোচনাচক্ৰত কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে গোলকীয় উন্নয়ন সংস্...