উজনি অসমৰ ৪ খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে কাইলৈ অসম বিধানসভাৰ চলিত অধিৱেশনৰ অন্ত পৰিব। কালি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছিল।
আজি এই বিষয়ে বিধানসভাত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন পূর্বে ৩১ জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। আজি ত্ৰয়োদশ দিনাৰ অধিৱেশনৰ কাৰ্যসূচীত উজনি অসমৰ ৩ খন জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ কথা আলোচনা হোৱাৰ লগতে মথাউৰিসমূহ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়।
আজিৰ অধিৱেশনত শাসক-বিৰোধী সকলো বিধায়কে বান সাহায্যৰ বাবে এমাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি ঘোষণা কৰে। একেদৰে অসম বিধানসভা সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আগবঢ়াব বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে সদনৰ কাম-কাজ আজি প্রশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হয়। সদনত আজি অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক ২০২৬ উত্থাপন কৰা হয়। এই বিধেয়কখন গৃহীত হ’লে ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ গঠন হোৱাৰ পথ প্রশস্ত হ’ব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে।
ইপিনে বৰঝাৰ বিমানবন্দৰৰ আশে-পাশে উপগ্ৰহীয় মহানগৰ বা ছেটেলাইট চিটী নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত প্ৰকাশ কৰে। এই মহানগৰী নিৰ্মাণৰ ফলত বৃহৎ সংখ্যক নিয়োগ সৃষ্টি হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে ৷
সদনত আজি কেইবাখনো বিধেয়ক উত্থাপন কৰা হয় ৷