July 28, 2026 7:46 PM

views 4

উজনি অসমৰ ৪খন জিলাৰ বান পৰিস্থিতিৰ বাবে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি

উজনি অসমৰ ৪ খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে কাইলৈ অসম বিধানসভাৰ চলিত অধিৱেশনৰ অন্ত পৰিব। কালি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছিল।  আজি এই বিষয়ে বিধানসভাত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে যোৱা ৬ জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন পূর্বে ৩১ জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। আজি ত্ৰয়োদশ দিনাৰ অধিৱেশনৰ কাৰ্যসূচীত উজনি অসমৰ ৩ খন জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ কথা আলোচনা হোৱাৰ লগতে মথাউৰিসমূহ সন্দৰ্ভতো আলোচনা অনু...