ৰাজ্যত কাইলৈৰ পৰা হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এইবাৰ মুঠ ৩ লাখ ৬ হাজাৰ ৮৪১ গৰাকী পৰিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ’ব। ৰাজ্যৰ মুঠ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে দুখনকৈ গুৰুত্বপূৰ্ণ সমিতি গঠন কৰিছে। ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষা পৰ্যবেক্ষণ সমিতি আৰু জিলা পৰ্যায়ৰ পৰীক্ষা পৰ্যবেক্ষণ সমিতিৰ তত্বাৱধানত হ’বলগীয়া এই পৰীক্ষাত মোবাইল ফোনকে ধৰি সকলো ধৰণৰ ইলেকট্রনিক সামগ্ৰী ব্যৱহাৰত বাধা আৰোপ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰত কেন্দ্ৰৰ নিৰীক্ষক, নিৰাপত্তা বিষয়া, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও কোনো ধৰণৰ ইলেকট্রনিক সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব। পৰীক্ষাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট জিলাৰ জিলা আয়ুক্তসকলে ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ বাধা-নিষেধ আৰোপ কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধত পৰিক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
Assamese | February 12, 2025 4:35 PM | AHSEC | Assam Exam
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ