October 22, 2025 12:34 PM

views 91

হাইস্কুল শিক্ষান্ত পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডৰ নির্দেশনা

● অহা বছৰৰ প্ৰথম ভাগত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত পৰীক্ষা কেন্দ্ৰ সমিতি গঠন কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডে নির্দেশনা প্রকাশ কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা বিষয়াই অহা ৩১ অক্টোবৰৰ পূৰ্বে একোখনকৈ সমিতি গঠন কৰিবলৈ সাধাৰণ সভা আহ্বান কৰিব লাগিব। এই সভাত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক উপস্থিত থকাটো নিশ্চিত কৰিব লাগিব। পৰীক্ষাৰ্থীৰ অভিভাৱক, স্থানীয় শিক্ষাবিদ, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য...

February 14, 2025 7:14 PM

views 57

কাইলৈ ৰাজ্যৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব

ৰাজ্যৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত কাইলৈ চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব। এইবাৰ মুঠ ৪লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। পৰিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ৩১টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ৪২টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহী মূল্যায়ন কৰা হ'ব। পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে ইতিমধ্যে সংশ্লিষ্ট জিলা আয়ুক্তসকলে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১৫ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত পৰিক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প...

February 12, 2025 4:35 PM

views 161

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যত কাইলৈৰ পৰা হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এইবাৰ মুঠ ৩ লাখ ৬ হাজাৰ ৮৪১ গৰাকী পৰিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। ৰাজ্যৰ মুঠ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে দুখনকৈ গুৰুত্বপূৰ্ণ সমিত...

October 26, 2024 6:14 PM

views 57

কাইলৈ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে ৰাজ্যজুৰি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ থাকিব

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত কাইলৈ অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা নিকাভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি পুৱা চাৰে ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখা হ'ব। ৰাজ্যত গৃহ আৰু ৰাজনৈতিক বিভাগৰ হৈ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে এটা বিবৃতিযোগে এই কথা সদৰি কৰাৰ লগতে সকলোকে যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। চৰকাৰৰ নিৰ্দেশনা ভংগ কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ২০২৩ ধাৰা আৰু ইণ্ডিয়ান টেলিগ্রাফ এক্টৰ সংশ্লিষ্ট ব্যৱস্থাৰ অধীনত শাস্তি বিহা ...

October 22, 2024 3:43 PM

views 67

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পৰ্যায় সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে বৈঠক

ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ বাবে হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পৰ্যায় সন্দৰ্ভত আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনাত মিলিত হয়। ২৭ অক্টোবৰত পুৱা ৯.৩০ বজাৰ পৰা ১১.৩০ বজালৈ ১,৮৪টা আৰু দিনৰ ডেৰ বজাৰ পৰা বিয়লি ৪ বজালৈ ৮০৮টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষাত মুঠ ৮ লাখ ২৭ হাজাৰ ১৩০ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মর্মে নিকা আৰু স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবল...

October 22, 2024 11:29 AM

views 53

২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫ বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনলাইন পোৰ্টেলৰ জৰিয়তে প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে। এই অনুসৰি sebaregistration.org শীৰ্ষক পোৰ্টেলৰ জৰিয়তে কাইলৈৰ পৰা ১৪ নৱেম্বৰলৈ বিদ্যালয়সমূহে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব বুলি পৰিষদৰ সচিবে প্রকাশ কৰিছে। ইপিনে, অনলাইন মাচুল পৰিশোধৰ অন্তিম দিন ১৫ নৱেম্বৰ ধাৰ্য কৰা হৈছে। একেদৰে ১৮ নৱেম্বৰ পৰ্যন্ত চালানৰ ধন পৰিশোধ কৰিব পাৰিব। অনলাইন শুধৰণীৰ বাবে ৩০ নৱেম্বৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। প্...

September 28, 2024 6:05 PM

views 59

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব। কাইলৈ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব। তৃতীয় বৰ্গৰ মুঠ ৪ হেজাৰ ৫৫ টা পদৰ বাবে ৫ লাখ ২৯ হাজাৰ ৯৮৯ গৰাকী প্ৰাৰ্থী আৰু চালক পদৰ বাবে মুঠ ৮১৮ টা পদৰ পৰীক্ষাত ২ লাখ ৪ হেজাৰ ৯৯১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হব। পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ...

September 13, 2024 6:16 PM

views 62

১৫ ছেপ্তেম্বৰত সমগ্ৰ ৰাজ্যত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্য চৰকাৰে ১৫ ছেপ্তেম্বৰত সমগ্ৰ ৰাজ্যতে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা পাতিবলৈ যোজা প্রায় সম্পূৰ্ণ কৰি তুলিছে। অন্যান্য জিলাৰ লগতে যোৰহাট জিলাতো পৰীক্ষাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। জিলাখনত ১৩৩ টা পৰীক্ষা কেন্দ্ৰত ৫৫ হাজাৰ ৫০৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত নিৰাপত্তাৰ বাবে চাৰি বেৰ আৰু পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে কোঠাসমূহ সাজু কৰি তোলা হৈছে। আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে জিলাখনৰ পশ্চিম চক্ৰৰ পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি পৰীক্ষাৰ প্ৰস্...