July 13, 2026 12:40 PM | Wimbledon-final

printer

উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ য়ানিক ছিনাৰৰ খিতাপ জয়

বিশ্বৰ শীর্ষস্থানৰ খেলুৱৈ ইটালীৰ য়ানিক ছিনাৰে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰিছে। অল ইংলেণ্ড ক্লাবত যোৱা নিশা অনুষ্ঠিত ফাইনেলত ছিনাৰে জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱেৰভক ৬-৭, ৭-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। এয়া হৈছে ছিনাৰৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল তথা পঞ্চমটো গ্রেণ্ড শ্লেম জয়।

ইপিনে কালি সন্ধিয়া লণ্ডনৰ চেণ্টাৰ ক’ৰ্টত অনুষ্ঠিত মহিলাৰ ডাবলছৰ ফাইনেলত চীনা-ফ্রান্স যুটী গুঅ’ হান্যু আৰু ক্রিষ্টিনা স্নাডেনোভিছে কানাডিয়ান ব্রাজিলিয়ান ফুটী গেব্রিয়লা ডাব্রোস্কি আৰু লুইজা ষ্টেফানিক ৬-৩, ৭-৫ ছেটত পৰাস্ত কৰি খিতাপ জয় কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।