উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ একক শাখাৰ ফাইনেলত আজি চেক গণৰাজ্যৰ কেৰোলিনা মুচ’ভা নিজ দেশৰে লিণ্ডা নস্কোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। লণ্ডনত আজি খেলুৱৈ দুগৰাকীয়ে নিজৰ কেৰিয়াৰৰ প্ৰথমটো উইম্বলডন খিতাপ জয়ৰ লক্ষ্যৰে কোর্টত নামিব।
ছেমিফাইনেলত নস্কোভাই ইউক্রেইনৰ মাৰ্টা কস্তিউকক আৰু মুচ’ভাই আমেৰিকাৰ কোকো গফক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল
ইপিনে, পুৰুষৰ একক শাখাৰ ফাইনেলত কাইলৈ বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ জানিক ছিনাৰ জাৰ্মানীৰ আলেকজেণ্ডাৰ ভেৰেভৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ছিনাৰে ছেমিফাইনেলত সাতবাৰৰ খিতাপজয়ী ন’ভাক জোকোভিছক পৰাস্ত কৰাৰ বিপৰীতে ভেৰেভে ব্রিটিছ খেলুৱৈ আৰ্থাৰ ফেৰীক পৰাস্ত কৰি নিজৰ কেৰিয়াৰৰ প্ৰথম উইম্বলডন ফাইনেলত স্থান সুনিশ্চিত কৰে।