উইম্বলডন টেনিছ প্রতিযোগিতাত ন’ভাক জোকোভিছে ইতিহাস সৃষ্টি কৰিছে৷ চেণ্টাৰ ক’ৰ্টত ফ্ৰান্সৰ আৰ্থাৰ ৰিন্ডাৰক্লেকক পৰাস্ত কৰি জোকোভিছে প্রতিযোগিতাখনৰ প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগতে উইম্বলডনৰ ইতিহাসত সৰ্বাধিক ১০৫ খন মেচ জয় কৰা ৰজাৰ ফেডেৰাৰৰ অভিলেখো স্পৰ্শ কৰে ৷
ইপিনে পুৰুষৰ একক শাখাত আন এখন খেলত বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ জানিক ছিনাৰে আমেৰিকাৰ জেনছন ব্রুকছবিক পোনপটীয়া ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হৈছে। ইয়াৰ মাজতে প্ৰতিযোগিতাখনত এক বৃহৎ অঘটন ঘটাই জাৰ্মানীৰ জান-লেনার্ড ষ্টুফে ডেনিল মেদভেদেভক পৰাস্ত কৰিছে৷ তদুপৰি, কানাডাৰ ফেলিক্স অগাৰ-অলিয়ামে জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত নিজৰ স্থান সুনিশ্চিত কৰিছে।
মহিলাৰ একক শাখাত আমেৰিকাৰ জেছিকা পেগুলা আৰু কোকো গফৰ লগতে জাপানৰ তাৰকা খেলুৱৈ নাওমি ওছাকাই প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।