কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ ই-প্ৰশাসনৰ বাবে সাতটা বিভাগক সামৰি ৰাষ্ট্ৰীয় বঁটাসমূহ ঘোষণা কৰিছে। ব্যক্তিগত, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন মন্ত্র্যালয়ে কৈছে যে, ই-প্রশাসনৰ ক্ষেত্ৰত আগবঢ়োৱা অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে ১০ টা স্বর্ণপদক, ৬ টা ৰূপৰ পদক আৰু এটা বিচাৰকৰ পদকসহ মুঠ ১৭ টা পুৰস্কাৰ আগবঢ়োৱা হ’ব। মন্ত্র্যালয়ে প্রকাশ কৰিছে যে, সমগ্র দেশতে ই-প্রশাসনৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট কামকাজৰ বাবে প্ৰতিবছৰে এই বঁটা আগবঢ়াই অহা হৈছে। ৰাজস্থানৰ জয়পুৰত হ’বলগীয়া ২৯ সংখ্যক ৰাষ্ট্ৰীয় ই-প্রশাসন সন্মিলনত এই বঁটাসমূহ আগবঢ়োৱা হ’ব। নির্বাচিত কেন্দ্রীয় মন্ত্র্যালয় আৰু বিভাগ, ৰাজ্য, কেন্দ্রীয় শাসিত অঞ্চল, জিলা, সংস্থা আৰু গ্রাম পঞ্চায়তসমূহক এই পুৰস্কাৰ আগবঢ়োৱা হ’ব।
Assamese | June 4, 2026 8:29 PM | E-Governance Award
ই-প্ৰশাসনৰ বাবে ৭টা বিভাগক সামৰি ৰাষ্ট্ৰীয় বঁটাসমূহ ঘোষণা কেন্দ্ৰৰ