June 4, 2026 8:29 PM

views 18

ই-প্ৰশাসনৰ বাবে ৭টা বিভাগক সামৰি ৰাষ্ট্ৰীয় বঁটাসমূহ ঘোষণা কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ ই-প্ৰশাসনৰ বাবে সাতটা বিভাগক সামৰি ৰাষ্ট্ৰীয় বঁটাসমূহ ঘোষণা কৰিছে। ব্যক্তিগত, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন মন্ত্র্যালয়ে কৈছে যে, ই-প্রশাসনৰ ক্ষেত্ৰত আগবঢ়োৱা অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে ১০ টা স্বর্ণপদক, ৬ টা ৰূপৰ পদক আৰু এটা বিচাৰকৰ পদকসহ মুঠ ১৭ টা পুৰস্কাৰ আগবঢ়োৱা হ'ব। মন্ত্র্যালয়ে প্রকাশ কৰিছে যে, সমগ্র দেশতে ই-প্রশাসনৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট কামকাজৰ বাবে প্ৰতিবছৰে এই বঁটা আগবঢ়াই অহা হৈছে। ৰাজস্থানৰ জয়পুৰত হ'বলগীয়া ২৯ সংখ্যক ৰাষ্ট্ৰী...

July 5, 2024 7:50 PM

views 29

২০২৪ বৰ্ষৰ ই-গভর্নেন্সৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষা সেতু অসমক বাছনি কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগত ২০২৪ বৰ্ষৰ ই-গভর্নেন্সৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষা সেতু অসমক বাছনি কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিক্ষাসেঁতুৱে এই স্বীকৃতিৰ বাবে সকলোকে অভিনন্দন জনাইছে। এই স্বীকৃতিয়ে প্ৰযুক্তিৰ জৰিয়তে শিক্ষাখণ্ডলৈ পৰিৱৰ্তন অনাৰ লক্ষ্যক প্ৰেৰণা যোগাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। উল্লেখযোগ্য যে অহা ৮ আৰু ৯ আগষ্টত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ই-গভর্নেন্সৰ ২৭ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ সময়তে সমগ্ৰ শিক্ষা অসমক এই বঁটা প্ৰদান কৰা হ'...