June 24, 2025 5:39 PM | Iran | Iran-Israel

printer

ইৰাণ-ইজৰাইলৰ যুদ্ধত কমেও ৮৬৫ গৰাকী লোকে প্ৰাণ হেৰুওৱাইছে

● ইৰাণ আৰু ইজৰাইলৰ মাজৰ যুদ্ধবিৰতিৰ ঘোষণাই এই যুদ্ধৰ কৱলত পৰা কোটি কোটি নাগৰিকলৈ স্বস্তিৰ বতৰা কঢ়িয়াই আনিছে। ইৰাণ-ইজৰাইলৰ যুদ্ধত কমেও ৮৬৫ গৰাকী লোকে প্ৰাণ হেৰুওৱা বুলি সংবাদ মাধ্যমৰ সূত্ৰত প্ৰকাশ পাইছে। সিন্ধু অভিযানৰ অধীনত ইৰানৰ পৰা বৰ্তমানলৈকে ২,২৯৫ গৰাকী ভাৰতীয় লোকক নিজ দেশলৈ ওভতাই অনা হৈছে। অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে সমগ্ৰ বিশ্বলৈ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আৰুহেডিংলী টেষ্ট, আজি পঞ্চম তথা অন্তিম দিনা নাটকীয় পৰিণতিৰ দিশে অগ্ৰসৰ হৈছে।