June 24, 2026 2:26 PM

views 29

তেহৰানত থকা ভাৰতীয় দূতাবাসে ইৰানৰ সুৰক্ষা পৰিস্থিতি উন্নত হোৱালৈ চাই ভাৰতৰ নাগৰিকৰ বাবে সংশোধিত পৰামৰ্শ জাৰি কৰিছে

তেহৰানত থকা ভাৰতীয় দূতাবাসে ইৰানৰ সুৰক্ষা পৰিস্থিতি উন্নত হোৱালৈ চাই ভাৰতৰ নাগৰিকৰ বাবে সংশোধিত পৰামৰ্শ জাৰি কৰিছে। শেহতীয়া ইতিবাচক ঘটনাক্ৰম আৰু সামগ্রিক পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত দূতাবাসে ভাৰতীয় নাগৰিকসকলক গমিপিতি চাইহে ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিছে। ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাৰি নকৰা পৰ্যন্ত অনাৱশ্যকীয় ইৰান ভ্রমণ এৰাই চলিবলৈ কোৱা হৈছে। দূতাবাস কৰ্তৃপক্ষই সম্প্ৰতি ইৰানত থকা ভাৰতীয় নাগৰিক আৰু অনাৱশ্যকীয় কাৰণত দেশখনলৈ যাবলগীয়া হোৱাসকলক সতর্কতা অৱলম্বন কৰিবলৈ আৰু পৰিস্থিত...

June 24, 2025 5:39 PM

views 52

ইৰাণ-ইজৰাইলৰ যুদ্ধত কমেও ৮৬৫ গৰাকী লোকে প্ৰাণ হেৰুওৱাইছে

● ইৰাণ আৰু ইজৰাইলৰ মাজৰ যুদ্ধবিৰতিৰ ঘোষণাই এই যুদ্ধৰ কৱলত পৰা কোটি কোটি নাগৰিকলৈ স্বস্তিৰ বতৰা কঢ়িয়াই আনিছে। ইৰাণ-ইজৰাইলৰ যুদ্ধত কমেও ৮৬৫ গৰাকী লোকে প্ৰাণ হেৰুওৱা বুলি সংবাদ মাধ্যমৰ সূত্ৰত প্ৰকাশ পাইছে। সিন্ধু অভিযানৰ অধীনত ইৰানৰ পৰা বৰ্তমানলৈকে ২,২৯৫ গৰাকী ভাৰতীয় লোকক নিজ দেশলৈ ওভতাই অনা হৈছে। অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে সমগ্ৰ বিশ্বলৈ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আৰুহেডিংলী টেষ্ট, আজি পঞ্চম তথ...

June 23, 2025 3:21 PM

views 56

ইৰাণ আৰু ইজৰাইলৰ আক্ৰমণ-প্ৰতি আক্রমণ অব্যাহত

ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাত দুয়োখন দেশৰ আক্ৰমণ-প্ৰতি আক্রমণেৰে অব্যাহত আছে। আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত যুটীয়া আক্ৰমণ চলোৱাৰ পাছত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনিয়ে ইজৰাইলৰ বিৰুদ্ধে প্ৰতি আক্রমণ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয়, যে ইজৰাইলে এটা ডাঙৰ ভুল কৰিলে। ইতিমধ্যে ইৰানৰ কৰ্তৃপক্ষসমূহে আমেৰিকাই প্ৰাৰম্ভিক প্রকল্পসমূহত আক্ৰমণ সংঘটিত কৰাৰ সবিশেষ বুজ লৈ আছে। আমেৰিকাই যুঁজাৰু বিমানেৰে ইৰানৰ পাৰমাণৱিক শক্তি প্রকল্প ফৰ্দো, নাতাঞ্জ আৰু এছফাহানত আক্ৰ...

June 23, 2025 11:14 AM

views 54

ইৰানৰ মাশ্বাডৰ পৰা বিশেষ বিমানেৰে যোৱা ২৮৫ গৰাকী ভাৰতীয় নাগৰিকক আদৰণি

বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ইৰানৰ মাশ্বাডৰ পৰা এখন বিশেষ বিমানেৰে যোৱা নিশা নতুন দিল্লীত উপস্থিত হোৱা ২৮৫ গৰাকী ভাৰতীয় নাগৰিকক আদৰণি জনাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে অপাৰেচন সিন্ধুৰ অধীনত এতিয়ালৈকে এহেজাৰ ৭১৩ গৰাকী ভাৰতীয় নাগৰিকক ইৰানৰ পৰা উদ্ধাৰ কৰা হৈছে। তেওঁ কয়, যে অহা দুদিনত ইৰানৰ পৰা দুই-তিনিখন বিশেষ বিমানমেৰে আৰু অধিক ভাৰতীয় নাগৰিকক স্বদেশলৈ ওভতাই অনাৰ ব্যৱস্থা কৰা হৈছে। ইৰান আৰু ইজৰাইলত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে মন্ত্ৰালয়ে যোগাযোগ অব্যাহত ৰাখিছে বুলিও শ্রীমাৰ্ঘে...

June 23, 2025 11:09 AM

views 50

আমেৰিকাই ইৰানৰ তিনিটা পৰমাণু ঘাটি আক্ৰমণৰ পাছত ৰাষ্ট্ৰসংঘই এখন জৰুৰীকালীন বৈঠকৰ আহ্বান

আমেৰিকাই ইৰানৰ তিনিটা পৰমাণু ঘাটি ফর্ডো, নটাঞ্জ আৰু ইস্ফহানত কৰা আক্ৰমণৰ পাছত ৰাষ্ট্ৰসংঘই এখন জৰুৰীকালীন বৈঠকৰ আহ্বান কৰিছে। ইয়াৰ মাজতে ৰাছিয়া, চীন আৰু পাকিস্তানে ১৫ জনীয়া সদস্য সমিতিক মধ্যপ্রাচ্যত তাৎক্ষণিক আৰু বিনাৰ্চতে যুদ্ধ বিৰতিৰ প্ৰস্তাৱ দিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘৰ এখন বৈঠকত ভাষণ দি ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিয় গুটেৰেছে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক মধ্যপ্রাচ্যত অস্থিৰতা হ্ৰাস কৰাৰ উদ্দেশ্যে শীঘ্ৰেই কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। গুটেৰেছে কৈছে, যে সংঘৰ্ষ বন্ধ কৰাৰ লগতে ...

June 19, 2025 8:17 PM

views 59

সপ্তম দিনাও ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ অব্যাহত

ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ আজি সপ্তম দিনাও অব্যাহত আছে। ইৰাণে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ইজৰাইলৰ মধ্য আৰু দক্ষিণ প্ৰান্তৰ ভালেমান ঠাইত গুৰুতৰ ক্ষতি সাধন কৰিছে। ইয়াৰ বিপৰীতে ইজৰাইলী বাহিনীয়ে ইৰাণৰ অৰাক গধুৰ জল পাৰমাণৱিক ৰিয়েক্টৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। দক্ষিণ ইজৰাইলৰ এখন চিকিৎসালয় আৰু তেল আভিভৰ সমীপৰ দুখন চহৰত ইৰাণে ক্ষেপণাস্ত্ৰৰে আঘাত হানিছে। চৰোকা চিকিৎসালয়ৰ সঞ্চালকপ্ৰধান শ্লোমি কোডেছে আক্রমণত চিকিৎসালয় ভৱনৰ ব্যাপক ক্ষতি হোৱা বুলি প্ৰকাশ কৰিছে। ইপিনে, ইৰাণে দক্ষিণ ইজৰাইলৰ চিকিৎসালয়ক ন...

June 19, 2025 3:25 PM

views 48

ইৰানত থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ ভাৰত চৰকাৰৰ

ভাৰত চৰকাৰে ইৰানত থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। দেশখনত থকা ভাৰতীয়ক লৈ আন এখন বিমান আজি উভতি অহাৰ সম্ভাৱনা আছে। ইয়াৰ আগেয়ে উত্তৰ ইৰানৰ পৰা ১১০গৰাকী ভাৰতীয় শিক্ষাৰ্থীক লৈ অহা এখন বিমান আজি নিচেই পুৱাতে নতুন দিল্লীত অৱতৰণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী কীৰ্তি বর্ধন সিঙে কয়, যে কেন্দ্ৰীয় চৰকাৰে ইৰানত থকা ৩৫০ গৰাকী ভাৰতীয় নাগৰিকক ওভতাই অনাৰ বাবে অনুৰোধ লাভ কৰিছে। তুর্কমেনিস্তানত আবদ্ধ হৈ থকা ভাৰতীয় সকলক নিৰাপদ...

June 14, 2025 8:34 PM

views 51

ইজৰাইল আৰু ইৰানে পৰস্পৰৰ বিৰুদ্ধে ক্ষেপনাস্ত্ৰৰে আক্ৰমণ

ইজৰাইল আৰু ইৰানে পৰস্পৰৰ বিৰুদ্ধে ক্ষেপনাস্ত্ৰৰে আক্ৰমণ চলাইছে। তেল আবিব, জেৰুজালেম আৰু টেহৰানত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে। ইৰানে ইজৰাইলৰ কেইবাখনো ঠাইক লক্ষ্য কৰি চলোৱা আক্ৰমণত কমেও ৩ জন লোক নিহত হৈছে আৰু ভালে সংখ্যক লোক আহত হৈছে। ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে ইজৰাইলৰ আক্ৰমণ দেশখনৰ সশস্ত্র বাহিনীৰ জেনেৰেল ষ্টাফৰ দুগৰাকী উপ-কামাণ্ডাৰ ছহিদ হৈছে। নিহত উপ-কামাণ্ডাৰ দুজনক জেনেৰেল ঘোলমোৰেজা মেহৰাবী আৰু জেনেৰেল মেহেদি ৰববানী বুলি চিনাক্ত কৰা হৈছে। ইজৰাইলে ইৰানৰ ওপৰত কালিৰে পৰা চলোনা আ...

June 14, 2025 7:40 PM

views 68

ইৰানত থকা প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোকসকলক সহায়ৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ইৰানত থকা প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোকসকলক সহায়ৰ দৰকাৰ হলে তেহৰানত থকা ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰত যোগাযোগ কৰিব পাৰিব। দূতাবাসৰ জৰুৰীকালীন নম্বৰ হৈছে প্লাছ ৯৮ ৯১২৮১০৯১১৫ আৰু প্লাছ ৯৮৯১২৮১০৯১০৯ ৷ ইয়াৰ পূৰ্বে ভাৰতীয় দূতাবাসে ইৰানৰ সাম্প্ৰতিক পৰিস্থিত সন্দৰ্ভত নির্দেশনা জাৰি কৰি দেশখনত থকা ভাৰতীয়সকলক সতৰ্ক হৈ থাকি অনাৱশ্যক ভ্রমণ এৰাই চলিবলৈ আহ্বান জনোৱা হয়। একেদৰে দূতাবাসৰ সামাজিক মাধ্যমৰ একাউণ্ট আৰু স্থানীয় প্ৰশাসনৰ সুৰক্ষামূলক উপ...

June 14, 2025 7:16 PM

views 50

ইজৰাইলে ইৰানৰ ভূমিত কৰা আক্রমণ শীঘ্ৰেই বন্ধ কৰিবলৈ আহ্বান এণ্টনিঅ’ গুটেৰেছৰ

ইজৰাইলে ইৰানৰ ভূমিত কৰা বোমাবর্ষণ আৰু তেল আভিভক লক্ষ্য কৰি ইৰানে চলোৱা ক্ষেপনাস্ত্র আক্রমণ শীঘ্ৰেই বন্ধ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছে আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত তেওঁ কয় যে শান্তি আৰু কূটনীতি বৰ্তাই ৰাখিবই লাগিব। ইউৰোপীয় আয়োগৰ অধ্যক্ষ উর্দুলা ভন ডেৰ লেয়েনে কয় যে আত্মৰক্ষা আৰু নিজৰ নাগৰিকসকলক সুৰক্ষা প্ৰদানৰ ইজৰাইলৰ অধিকাৰ আছে। তেওঁ সকলো পক্ষকে সংযত হৈ পৰিস্থিতি স্বাভাৱিক কৰি তোলাত অগ্ৰসৰ হ'বলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে ক্রেমলিনত এটা বিবৃতিত ৰাছিয়াৰ ৰাষ্ট্...