ইষ্টানবুলৰ ঐতিাসিক চিৰাগান অট্টালিকাত আজি ৰাছিয়া আৰু ইউক্রেইনৰ মাজত দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনা আৰম্ভ হ’ব। ৰাছিয়াৰ হৈ ৰাষ্ট্ৰপতিৰ সহযোগিতাত আৰু উপ বিদেশ মন্ত্রী মিখাইল গালুজিনে দেশখনৰ প্ৰতিনিধিত্ব কৰিব। আনহাতে, ইউক্রেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰুস্তাম উমৰ’বে দেশখনৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকিব। তুৰ্কীৰ বিদেশ মন্ত্ৰী হাকান ফিদানৰ মধ্যস্থতাত এই বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ৰাছিয়াৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র মাৰিয়া জাখাৰোবাই কৈছিল যে তুর্কী বা আন কোনো পক্ষৰ মধ্যস্থতাত ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ আলোচনা নহয়৷
Assamese | June 2, 2025 8:44 PM | Akashvani News | Russia | Russia-Ukraine | Ukraine
ইষ্টানবুলৰ ঐতিাসিক চিৰাগান অট্টালিকাত ৰাছিয়া আৰু ইউক্রেইনৰ মাজত দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনা আৰম্ভ