কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি দেশৰ ইন্ধনৰ আমদানি শীঘ্ৰেই হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে, বর্তমান প্ৰতি বছৰে ২২ লাখ কোটি টকা মূল্যৰ ইন্ধন আমদানি কৰা হয়। নতুন দিল্লীত অনুষ্ঠিত অষ্টাদশ অভিযান্ত্রিক সম্পদ ব্যৱস্থাপনাৰ বিশ্ব সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতক ৫ হাজাৰ কোটি ডলাৰৰ অৰ্থনীতিলৈ ৰূপান্তৰ কৰোৱাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন পূৰণ কৰিবলৈ প্ৰযুক্তি হৈছে মূল চাবিকাঠি। শ্রীগাডকাৰীয়ে প্ৰয়োজনভিত্তিক গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সম্পত্তিৰ মান বজাই ৰখাৰ ব্যৱস্থা গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে।
Assamese | October 23, 2024 7:38 PM | Nitin Gadkari
ইন্ধনৰ আমদানি হ্ৰাস কৰাৰ ওপৰত মন্ত্ৰী নীতিন গাডকাৰীৰ গুৰুত্ব