ইজৰাইলৰ পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে তথা প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহৰ স্থানত অধিষ্ঠিত হোৱাৰ বাবে সেনা বাহিনীৰ প্ৰাক্তন মুৰববী তথা বিৰোধী নেতা গাড়ী আইচেনকটে বিপুল জনমত লাভ কৰিছে।
ৰাষ্ট্ৰপতি আইজাক হাৰজগে কালি ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা কৰাৰ পাছত এই কথা ঘোষণা কৰে। আইচেনকটে নেচেটৰ ১২০ গৰাকী সদস্যৰ ভিতৰত ৬৭ গৰাকীৰ সমৰ্থন লাভ কৰাৰ বিপৰীতে নেতান্যাহুৱে ৪৬ গৰাকীৰ সমৰ্থন লাভ কৰে।
অৱশ্যে ৭ গৰাকী সদস্যই কোনো এগৰাকী নেতাকে সমর্থন নজনালে। যাচাৰ পাৰ্টীৰ আইচেনকটে ২৮ দিনৰ পাছত নতুন দায়িত্ব গ্রহণ কৰিব যদিও এই সময় ১৪ দিন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সমর্থন কৰা ৬৭ গৰাকী সদস্যই সংখ্যাগৰিষ্ঠ চৰকাৰৰ নিশ্চয়তা দিয়া নাই যদিও বিভিন্ন দলৰ মাজত বুজাবুজিৰ প্ৰক্ৰিয়া অব্যাহত আছে।
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ প্ৰাক্তন মুৰববী আইচেনকটে নেতান্যাছৰ নেতৃত্বাধীন চৰকাৰক অপসাৰিত কৰে আৰু গাজা যুদ্ধৰ বিষয়টো লৈ তেওঁক সমালোচনা কৰে।
অৱশ্যে নেতান্যাহুৱে তেওঁৰ পৰাজয় এতিয়ালৈকে স্বীকাৰ কৰা নাই আৰু মিলিত চৰকাৰ গঠনৰ বাবে দলসমূহৰ সৈতে সম্পর্ক অব্যাহত ৰাখিছে। যদি আইচেনকটে নির্ধাৰিত সময়ৰ ভিতৰত চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে আন এগৰাকী নেতাক চৰকাৰ গঠনৰ সুবিধা প্ৰদান কৰিব। পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত নেতান্যাহুৰ বাবেও সম্ভাৱনাৰ দুৱাৰ মুকলি থাকিব।