October 31, 2026 1:12 PM | ISRO

printer

ইছৰ’ৰ পৰৱৰ্তী প্ৰজন্মৰ নেভিগেচন উপগ্রহ NVS-03 সফলভাৱে উৎক্ষেপন

দেশৰ থলুৱা উপগ্ৰহ নেভিগেচন সামর্থ্য শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান, ইছৰ’ই যোৱানিশা পৰৱৰ্তী প্ৰজন্মৰ নেভিগেচন উপগ্রহ NVS-03 সফলভাৱে উৎক্ষেপন কৰে। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয় উৎক্ষেপনথলীৰ পৰা GSLV-F18 ৰকেটে উপগ্ৰহটো কঢ়িয়াই নিয়ে। NVS-03 হৈছে ISRO ৰ দ্বিতীয় প্ৰজন্মৰ NAVIGATION উপগ্ৰহ শৃংখলাৰ তৃতীয়টো উপগ্রহ।

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NVS-03 ৰ সফল উৎক্ষেপনৰ বাবে ISRO ৰ সকলো বিজ্ঞানী, অভিযন্তালৈ অভিনন্দন জ্ঞাপন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।