সংযুক্ত আৰৱ আমিৰি ৰাষ্ট- ইউ এ ইৰ উপ-প্রধানমন্ত্রী তথা বিদেশমন্ত্রী শেখ আব্দুলা বিন জায়েদ অল নাহিয়ানৰ দুদিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। এই ভ্রমণকালত বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ জয়শংকৰে মুম্বাইত উপ-প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে প্রতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত-ইউ এ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়।
দুয়োগৰাকীয়ে বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰতিৰক্ষা, প্রযুক্তি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি সহযোগিতাৰ বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক লৈ সন্তুষ্টি ব্যক্ত কৰে। তেওঁলোকে লগতে পাৰস্পৰিক স্বাৰ্থ সম্বলিত আঞ্চলিক আৰু গোলকীয় বিষয়ত মত বিনিময় কৰে।
এটা বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে কয় যে ইউ এ ইৰ বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্রমণে দুয়োখন দেশৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উপৰি অনাগত দিনত দ্বিপাক্ষিক সহযোগিতা অধিক সুদৃঢ় কৰাক পুনৰ নিশ্চিত কৰে।