ভাৰতৰ ৰোহন বোপন্না আৰু ইণ্ডোনেছিয়াৰ অল্ডিলা ছুতজিয়াদিৰ যুটীটোৱে ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। অষ্টম বাচনিপ্রাপ্ত বোপন্না আৰু অল্ডিলাৰ যুটীটোৱে এঘণ্টা ৩৩ মিনিট জোৰা কোৱাৰ্টাৰ ফাইনেলত চতুর্থ বাছনিপ্রাপ্ত মেথিউ এবডেন আৰু বাৰব’ৰা ক্রেজিকোভাক ৭-৬, ২-৬, ১০-৭ ছেটত পৰাস্ত কৰে। বোপন্না আৰু অণ্ডিলাৰ যুটীটো ছেমিফাইনেলত আমেৰিকাৰ ডোনাল্ড য়িং আৰু টেইলৰ টাউনছেণ্ডৰ সন্মুখীন হ’ব।
Assamese | September 3, 2024 6:26 PM | SPORTS | US Open 2024 | US Open 2024: Rohan Bopanna-Aldila Sutjiadi
ইউ এছ অপেন টেনিছৰ মিক্সড ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ ৰোহন বোপন্না আৰু ইণ্ডোনেছিয়াৰ অল্ডিলা ছুতজিয়াদিৰ যুটী