July 26, 2025 10:50 AM | India-England Test

printer

ইংলেণ্ডৰ জ’ ৰুটৰ ২৪৮টা বলত ১৫০ ৰান কৰি টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ৰান কৰা খেলুৱৈ হিচাপে পৰিগণিত

এণ্ডাৰ্ছন-তেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত কালি ৭টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৫৪৪ ৰানৰ পৰা আজি ইংলেণ্ডে চতুর্থ দিনা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। দলটোৱে কালি ১৮৬ ৰানৰ অগ্ৰগতি লাভ কৰি আছিল। কালি খেল সামৰণি কৰাৰ সময়ত বেন ষ্টকছ আৰু লিয়াম ড’ছনে বেট ধৰি আছিল। ইংলেণ্ডৰ তাৰকা খেলুৱৈ জ’ ৰুটে ২৪৮টা বলত ১৫০ ৰান কৰি টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ৰান কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়াৰ ৰিকি পইণ্টিঙৰ ১৩,৩৭৮ ৰান অভিলেখো ভংগ কৰে৷
এই পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাত ইংলেণ্ড ১-২ ফলাফলত আগবাঢ়ি আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।