আৰাৱলী পৰ্বতক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত সন্দৰ্ভত কোনো কোনো ৰাজনৈতিক দলে বিশেষকৈ কংগ্ৰেছে ভুল তথ্য বিয়পাইছে বুলি কেন্দ্রীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রী ভূপেন্দ্ৰ যাদৱে প্রকাশ কৰিছে। তেওঁ কয় যে এই দলসমূহে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক জানি-বুজি ভুলকৈ প্ৰচাৰ কৰিছে আৰু এই বিষয়টোক নিজৰ স্বাৰ্থত ৰাজনৈতিক অস্ত্র হিচাপে ব্যৱহাৰ কৰিছে। আকাশবাণী বাতৰি বিভাগৰ সৈতে হোৱা এটা আচুতীয়া সাক্ষাৎকাৰত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধী পক্ষই সৃষ্টি কৰা এনে অপপ্ৰচাৰত জনসাধাৰণ ভোল নাযায়। শ্রীযাদৱে উচ্চতম ন্যায়ালয়ে আৰাৱলী খণ্ডত অবৈধ খনন ৰোধ কৰাৰ ক্ষেত্ৰতহে সিদ্ধান্ত লৈছে বুলি স্পষ্ট কৰি দিয়ে। আৰাৱলী পৰ্বতৰ গুৰুত্বত আলোকপাত কৰি তেওঁ কয় যে এই খণ্ড হৈছে বহুকেইবিধ গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ উৎসস্থল আৰু দেশৰ অৰ্থনৈতিক তথা ঔদ্যোগিক বিকাশৰ বাবে এই সম্পদসমূহ অতি প্রয়োজনীয়। আৰাবলী পৰ্বতৰ সংৰক্ষণৰ বাবে মোদী চৰকাৰ সম্পূৰ্ণৰূপে প্রতিশ্রুতিবদ্ধ বুলি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে লগতে প্রকাশ কৰে। তেওঁ আৰাৱলী সেউজ দেবাল পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ অধীনত এই খণ্ডত বনানীকৰণৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বনাঞ্চলৰ এলেকা সংৰক্ষণ আৰু পৰিস্থিতিতন্ত্র উন্নত কৰাৰ বাবে বহনক্ষম প্রচেষ্টা চলোৱা হৈছে বুলি শ্রীযাদৱে জানিবলৈ দিয়ে।
Assamese | December 24, 2025 8:33 PM | Aravalli - Bhupendra
আৰাৱলী পৰ্বতক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত সন্দৰ্ভত মন্ত্রী ভূপেন্দ্ৰ যাদৱৰ প্ৰতিক্ৰিয়া