আমেৰিকাত ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত এখন যাত্রীবাহী বিমানৰ আমেৰিকান সেনাবাহিনীৰ ব্লেক হক হেলিকপ্টাৰৰ সৈতে আকাশমাৰ্গত হোৱা সংঘৰ্ষৰ ফলত বহু লোকৰ প্রাণহানিৰ আশংকা কৰা হৈছে৷ যুক্তৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ প্ৰশাসনে প্ৰকাশ কৰা মতে, আমেৰিকাৰ স্থানীয় সময় অনুসৰি যোৱা নিশা প্রায় ৯ বজাত বিমানখন বিমানবন্দৰৰ ৰাণৱেৰ কাষ চাপি অহাৰ সময়ত এই সংঘর্ষ সংঘটিত হয়। কানছাছৰ পৰা ৱাশ্বিংটন ডিচি অভিমুখী বিমানখনে ৬০ জন যাত্ৰী আৰু ৪ জন বৈমানিক কঢ়িয়াই লৈ গৈছিল। ইপিনে প্রশিক্ষণ চলাই থকা হেলিকপ্টাৰখনত তিনিজন জোৱান আছিল ।স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই পৰ্যন্ত ১৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযান অব্যাহত আছে।আমেৰিকাৰৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে কয় যে তেওঁক এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে আৰু তেওঁ অহৰহ পৰিস্থিতি নিৰীক্ষণ কৰি আছে।
Assamese | January 30, 2025 4:43 PM | America | USA-CRASH-WASHINGTONDC
আমেৰিকাত এখন যাত্রীবাহী বিমানৰ আমেৰিকান সেনাবাহিনীৰ ব্লেক হক হেলিকপ্টাৰৰ সৈতে আকাশমাৰ্গত হোৱা সংঘৰ্ষৰ ফলত বহু লোকৰ প্রাণহানিৰ আশংকা