গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত আন্দাৰ দ্য শাল ট্রী শীর্ষক নাট মহোৎসৱৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত বিভিন্ন ৰাভা লোককৃষ্টি প্ৰদৰ্শন আৰু বাদুংদুপ্পাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি কাৰ্যসূচী হিচাপে এখন মুকলি সভা অনুষ্ঠিত হয়। এই নাট মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ ভালেসংখ্যক নাট্যপ্ৰেমীৰ সমাগম হয়। উল্লেখযোগ্য যে বিশিষ্ট নাট্যকর্মী প্রয়াত শুক্রাচাৰ্য্য ৰাভাই আৰম্ভ কৰা বাদুংদুপ্পা কলাকেন্দ্ৰই বিগত ১৪ বছৰ ধৰি সম্পূর্ণ ব্যতিক্রমীভাৱে এই নাট মহোৎসৱৰ আয়োজন কৰি আহিছে।
Assamese | December 17, 2024 8:26 PM | Goalpara
আন্দাৰ দ্য শাল ট্রী শীর্ষক নাট মহোৎসৱৰ সামৰণি