প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় আইন, আলোচনা আৰু বহুপাক্ষিক সহযোগিতাৰ ওপৰত আধাৰিত সুৰক্ষিত, শান্তিপূর্ণ আৰু বহনক্ষম মহাকাশ উন্নয়নত সমর্থন কৰে। পেৰিছত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্রধানমন্ত্রীয়ে এইদৰে প্রকাশ কৰে। তেওঁ লগতে কয়, যে হ্রস্বম্যাদী লাভালাভৰ বাবে অধিক উৎক্ষেপন কৰাৰ সলনি বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া উচিত। তেওঁ কয়, যে ভাৰতৰ দৰে বসুধৈর কুটুম্বকম মন্ত্ৰক সাৰথি কৰি এখন পৃথিবী, এটা পৰিয়াল, এটা ভবিষ্যৎ আৰু এটা আত্মাৰ বাবে এতিয়া সকলোৱে কাম কৰা উচিত। ভাৰতৰ মহাকাশ যাত্রাই এই আদর্শকে প্রতিফলিত কৰিছে বুলিও শ্রী মোদীয়ে উল্লেখ কৰে। যুগ যুগ ধৰি মহাকাশে আমাৰ কল্পনাশক্তিক অনুপ্রাণিত কৰিছিল আৰু আজি ই পৃথিৱীৰ জলবায়ু আৰু শস্যৰ পৰা আৰম্ভ কৰি সাগৰ, মহাসাগৰলৈকে জীৱন গঢ় দিছে বুলিও প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। দেশৰ মহাকাশ যাত্ৰাৰ চমকপ্রদ সাফল্যৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে চন্দ্ৰযান-তিনিয়ে ভাৰতক চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্রদান কৰাৰ লগতে আদিত্য এল ৱানে সূর্যৰ নতুন তথ্য উন্মোচিত কৰা বুলিও তেওঁ প্রকাশ কৰে। যোৱা বছৰ এগৰাকী ভাৰতীয় মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে ২০৩৫ চনৰ ভিতৰত ভাৰতীয় মহাকাশ কেন্দ্র স্থাপন কৰি ২০৪০ চনৰ ভিতৰত এজন ভাৰতীয় চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লক্ষ্য আগত ৰাখি ভাৰতে কাম কৰি আছে। মহাকাশ যাত্ৰাত ভাৰতীয় মহাকাশ গবেষণা সংস্থা ইছৰৰ সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে ইছৰাই নিজৰ উৎকৃষ্ট আৰু খৰচ বহনক্ষম অভিযানৰ বাবে সকলোৰে প্ৰশংসা লাভ কৰিছে। তেওঁ কয়, যে ইয়াৰ সামর্থই কৃষক, মাছমৰীয়া, বতৰৰ আগজাননী, দুর্যোগ ব্যৱস্থাপনা, আদিত বিশেষভাবে সহায় কৰিছে। ৩৪ খন দেশৰ ৪৩০ টাতকৈও অধিক উপগ্ৰহ ভাৰতীয় ৰকেটৰ মাধ্যমেৰে মহাকাশলৈ যাত্ৰা কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। ইছৰৰ প্রযুক্তি আৰু অংশীদাৰিত্বই কেৱল ভাৰতকে নহয়, সমগ্র বিশ্বকে সেৱা আগবঢ়াইছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ ভাৰতীয় বিজ্ঞানী, অভিযন্তা আৰু কাৰিকৰীবিদসকলৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লয়। ইছৰৰ সফলতাই মহাকাশ ভ্রমণকাৰী ৰাষ্ট্ৰৰ মাজত ভাৰতক গৌৰৱময় স্থান দিছে বুলিও প্রধানমন্ত্রীয়ে উল্লেখ কৰে।
Assamese | September 10, 2026 8:01 PM | PM in Summit
আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনত ভার্চুৱেল ব্যৱস্থাৰে প্রধানমন্ত্রীৰ ভাষণ