যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি ভাৰত নেট আঁচনিৰ অনলাইন আৰু অফলাইন সেৱা প্ৰদানৰ দূৰ সংযোগ বিভাগৰ সমৃদ্ধ গ্রাম ধবজাবাহী আঁচনিয়ে বিশ্ব সন্মিলনত তথ্য সমাজ পুৰস্কাৰ ২০২৬ লাভ কৰাৰ বাবে সন্তুষ্টি প্রকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় দূৰ সংযোগ সংঘৰ Line-C6 গ্ৰহণৰ পদক্ষেপ হিচাপে এই বঁটা লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে এই স্বীকৃতি ভাৰতৰ বাবে গৌৰৱৰ সময় বুলি উল্লেখ কৰি এয়া প্রধানমন্ত্রী মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী আৰু ডিজিটেল ভাৰতৰ প্ৰতি বিশ্ব স্বীকৃতি বুলি অভিহিত কৰিছে। শ্রী সিন্ধিয়াই লগতে কয়, যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত সামগ্রিক যোগাযোগ আৰু জনসাধাৰণ কেন্দ্রিক ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ষিত নেতৃত্বৰ প্ৰতি এয়া স্বীকৃতি বুলি তেওঁ উল্লেখ কৰে। সমৃদ্ধ গ্রাম কেৱল ইণ্টাৰনেটৰ যোগাযোগৰ সুবিধা প্ৰদান কৰাই নহয়, এয়া গ্ৰাম্যাঞ্চলৰ লোকসকলক ডিজিটেল যোগাযোগৰ অৰ্থবহ সেৱা আৰু প্ৰকৃত সুবিধা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। শ্রী সিন্ধিয়াই কয়, যে ভাৰত নেট ফাইবাৰ যোগাযোগেৰে গাঁও পৰ্যায়ত সমৃদ্ধি কেন্দ্ৰৰ জৰিয়তে এই আঁচনিয়ে স্বাস্থ্য যত্ন, শিক্ষা, কৃষি, ডিজিটেল বেংকিং, ই প্রশাসন, দক্ষতা আৰু জীৱন-জীৱিকা সেৱাৰ সুবিধা প্রদান কৰিব। তেওঁ কয়, যে এই সংহত অনলাইন আৰু অফলাইন সেৱাৰ জৰিয়তে বিশ্বাস আৰু সকলোৰে বাবে গ্রহণযোগ্যকৈ গ্ৰাম্যাঞ্চলত ডিজিটেল মঞ্চৰ জৰিয়তে সেৱা প্ৰদান কৰিব। এই কেন্দ্রই কৃষকসকলক কৃষি সম্পর্কীয় সেবা, ছাত্র ছাত্রীসকলক ডিজিটেল শিক্ষাৰ সুবিধা প্রদান, ৰোগীসকলক গ্ৰাম্যাঞ্চলৰ পৰাই বিশেষজ্ঞ চিকিৎসকসকলৰ সৈতে পৰামৰ্শ গ্রহণ, নাগৰিকসকলৰ বাবে চৰকাৰী সেৱাৰ সুবিধা আৰু স্থানীয় উদ্যোগীসকলক বৃহৎ বজাৰৰ সুবিধা প্ৰদান কৰিব। বিশ্বৰ সন্মানীয় এই বঁটাই তথ্য আৰু যোগাযোগ প্রযুক্তিসমূহক বহনক্ষম বিকাশৰ বাবে সমৃদ্ধ কৰিব।
Assamese | July 9, 2026 9:08 PM | Jyotiraditya Scindhiya
আন্তঃৰাষ্ট্ৰীয় দূৰ সংযোগ সংঘৰ Line-C6 গ্ৰহণৰ পদক্ষেপ হিচাপে বঁটা লাভ