আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস উপলক্ষে এখন শান্তিপূর্ণ বিশ্ব গঢ়াৰ ক্ষেত্ৰত সকলোৰে সমান দায়িত্ব আছে বুলি আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই দোহাৰে। এই দিৱসে সদভাৱ, ন্যায় আৰু মিলা প্ৰীতি অধিক শক্তিশালী কৰাৰ বাবে সকলোকে অনুপ্ৰেৰণা যোগাব বুলি শ্ৰীৰিঅ’ই আশা প্ৰকাশ কৰে। উপ- মুখ্যমন্ত্রী ৱাই পেনেও শান্তি দিৱস উপলক্ষে সকলো নাগৰিককে দয়া, সহযোগিতা আৰু ভাৱ বিনিময়ৰ ক্ষেত্ৰত থকা তেওঁলোকৰ উমৈহতীয়া দায়বদ্ধতাৰ ক্ষেত্ৰত নতুনত্ব আনিবলৈ আহ্বান জনায়। দেশসমূহক একত্ৰিত কৰিব পৰা সমূহীয়া প্ৰচেষ্টাই হওক বা আমাৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত দয়াবান আৰু কৰুণাৰ সৰু সৰু কাৰ্যৰেই হওক, সমাজৰ প্ৰতিজন ব্যক্তিৰে এই ক্ষেত্ৰত থকা দায়িত্বৰ বিষয়ে তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। সংঘাতৰ পৰিৱৰ্তে বুজাবুজিৰ আৰু ভয়ৰ পৰিৱৰ্তে আশাৰ এটা ভৱিষ্যতহে আমাৰ সন্তান সকলৰ প্ৰাপ্য বুলিও শ্ৰীপেট্রনে উল্লেখ কৰে।
Assamese | September 21, 2025 8:15 PM | Nagaland CM
আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱসে সদভাৱ, ন্যায় আৰু মিলা প্ৰীতি অধিক শক্তিশালী কৰাৰ বাবে সকলোকে অনুপ্ৰেৰণা যোগাব বুলি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ আশা প্ৰকাশ