কেন্দ্রীয় ক্রীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে দেশৰ এথলিটসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সমাগত পেৰিছ অলিম্পিকত সুন্দৰ খেল প্ৰদৰ্শনেৰে দেশৰ মান উজ্বলাই তুলিবলৈ তেওঁ খেলুৱৈসকলক শুভেচ্ছা জনায়। ক্রীড়াৰ জৰিয়তে শান্তি আৰু সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰি তোলাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ বিশেষ তাৎপৰ্য আছে বুলি তেওঁ মন্তব্য কৰে। ইপিনে, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ‘অলিম্পিক ডে ৰান’ শীর্ষক মাৰাথন দৌৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পতাকা জোকাৰি মুকলি কৰে। এই অনুষ্ঠানত ক্রীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকে।
Assamese | June 23, 2024 8:17 PM | International Olympic Day
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে দেশৰ এথলিটসকললৈ কেন্দ্রীয় ক্রীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াৰ শুভেচ্ছা জ্ঞাপন