June 23, 2024 8:17 PM

views 50

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে দেশৰ এথলিটসকললৈ কেন্দ্রীয় ক্রীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াৰ শুভেচ্ছা জ্ঞাপন

কেন্দ্রীয় ক্রীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে দেশৰ এথলিটসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সমাগত পেৰিছ অলিম্পিকত সুন্দৰ খেল প্ৰদৰ্শনেৰে দেশৰ মান উজ্বলাই তুলিবলৈ তেওঁ খেলুৱৈসকলক শুভেচ্ছা জনায়। ক্রীড়াৰ জৰিয়তে শান্তি আৰু সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰি তোলাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ বিশেষ তাৎপৰ্য আছে বুলি তেওঁ মন্তব্য কৰে। ইপিনে, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ কাৰ্যসূচীত অং...