July 16, 2026 11:34 AM | Assembly

printer

আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সকলো বিধায়ক- বিধায়িকাক আহ্বান মুখ্যমন্ত্রীৰ

বিগত পাঁচ বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধান সভাত প্ৰকাশ কৰে। কালি বিধানসভা অধিৱেশনৰ অষ্টম দিনা সদনত বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰা চলিত বিত্তীয় বছৰৰ বাজেটখন সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰি তেওঁ কয়, যে এই বাজেটে আত্মনিৰ্ভৰ অসম গঢ়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব। তেওঁ আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সকলো বিধায়ক- বিধায়িকাক আহ্বান জনায়। অনাগত দিনত ৰাজ্যৰ প্ৰতিটো সমষ্টি কণী, মাছ-মাংসকে ধৰি সকলোধৰণৰ খাদ্য সামগ্রী উৎপাদনত স্বাৱলম্বী হ’ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ বিধায়কসকলক পৰামৰ্শ দিয়ে। ৰাজ্যৰ কমেও ৫০ টা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা হোৱাটো সময়ৰ আহ্বান বুলি উল্লেখ কৰি তেওঁ বজালীত দুগ্ধ বিপ্লৱ হোৱা বিষয়টো লৈ সন্তুষ্টি প্ৰকাশ কৰে। এনে বিপ্লৱৰ সূচনা কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে সাহায্য আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ প্ৰতি ডৰা ভূমিত প্রযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

তদুপৰি ৰাজ্যৰ বিকাশ দ্রুততৰ কৰাৰ লক্ষ্যৰে প্ৰথমখন উপগ্ৰহীয় মহানগৰ স্থাপনৰ বিষয়েও তেওঁ ভাষণত প্ৰকাশ কৰে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ মাধ্যমেৰে ৰাজ্যখনত সম্প্রতি ৩ লাখ কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি এই বিনিয়োগৰ পৰিমাণ আৰু বৃদ্ধি হ’ব লাগিব বুলি তেওঁ মন্তব্য কৰে। নিজৰ ভাষণত তেওঁ অসমৰ দৰিদ্ৰতাৰ হাৰ ৩২ দশমিক ৬-৮ শতাংশৰ পৰা ১৪ শতাংশলৈ অৱনমিত হৈছে বুলি জানিবলৈ দিয়ে।

সদনত বাজেট বিতৰ্কত যোৱা তিনিদিনত শাসক-বিৰোধীৰ ৩৫ গৰাকী বিধায়ক-বিধায়িকাই অংশ লোৱাৰ পাছত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতৰ্কৰ উত্তৰত কয়, যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দেশৰ ভিতৰতে দ্রুত বিকশিত ৰাজ্য। অসমে বাজেট ব্যয়ৰ পৰিমাণ ৮৫ শতাংশলৈ বৃদ্ধি কৰিছে আৰু অনাগত পাঁচ বছৰত এই ব্যয় ৯০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি তেওঁ উল্লেখ কৰে।