November 1, 2026 8:28 PM | Atlanta- Jaishankar

printer

আটলান্টাত থকা ভাৰতীয় বাণিজ্যিক দূতাবাসত চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূর্তি উন্মোচন

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম-বার্ষিকী উপলক্ষে আটলান্টাত থকা ভাৰতীয় বাণিজ্যিক দূতাবাসত তেওঁৰ এটি মূর্তি উন্মোচন কৰে। তেওঁ লগতে ৰাষ্ট্রীয় একতা দিৱস উদযাপন কৰাৰ উদ্দেশ্যে সমবেত হোৱা প্রবাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰে।

সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত জয়শংকৰে চৰ্দাৰ বল্লব ভাই পেটেলৰ দৃষ্টিভংগী, নেতৃত্ব তথা দেশৰ ঐক্য আৰু সংহতি ৰক্ষাত তেওঁৰ অমূল্য অৱদানৰ কথা সুঁৱৰি এই মূৰ্তিৰ জৰিয়তে জনসাধাৰণে অনুপ্ৰেৰণা লাভ কৰিব বুলি মত প্রকাশ কৰে। মন্ত্রীগাৰীকীয়ে প্রবাসী ভাৰতীয়সকলৰ সাফল্য আৰু বৰঙণিৰ শলাগ লয়। উল্লেখযোগ্য যে, দেশৰ প্ৰথমগৰাকী গৃহ মন্ত্রী তথা স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম-বার্ষিকী উপলক্ষে প্ৰতিবছৰে ৩১ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় একতা দিবস হিচাপে পালন কৰা হয়। এই পদক্ষেপৰ জৰিয়তে দেশৰ ৰাজনৈতিক ঐক্য আৰু সংহতি ত্বৰান্বিত কৰাত চৰ্দাৰ পেটেলৰ সুদূৰ প্ৰসাৰী বৰঙণি প্রতিফলিত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।