November 1, 2026 8:28 PM

views 1

আটলান্টাত থকা ভাৰতীয় বাণিজ্যিক দূতাবাসত চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূর্তি উন্মোচন

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম-বার্ষিকী উপলক্ষে আটলান্টাত থকা ভাৰতীয় বাণিজ্যিক দূতাবাসত তেওঁৰ এটি মূর্তি উন্মোচন কৰে। তেওঁ লগতে ৰাষ্ট্রীয় একতা দিৱস উদযাপন কৰাৰ উদ্দেশ্যে সমবেত হোৱা প্রবাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত জয়শংকৰে চৰ্দাৰ বল্লব ভাই পেটেলৰ দৃষ্টিভংগী, নেতৃত্ব তথা দেশৰ ঐক্য আৰু সংহতি ৰক্ষাত তেওঁৰ অমূল্য অৱদানৰ কথা সুঁৱৰি এই মূৰ্তিৰ জৰিয়তে জনসাধাৰণে অনুপ্ৰেৰণা লাভ কৰিব বুলি মত প্রকাশ কৰে। ম...