আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস

আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস। ১৯২৭ চনৰ ২৩ জুলাইত ইণ্ডিয়ান ব্র’ডকাষ্টিং কোম্পানীৰ অধীনত বোম্বে ষ্টেছনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ স্মৃতিত আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হ’ব। ১৯৩৬ চনৰ ৮ জুনত ইন্ডিয়ান স্টেট ব্ৰ’ডকাস্টিং ছার্ভিচেছৰ নাম অল ইণ্ডিয়া ৰেডিঅ’ আৰু ১৯৫৬ চনত আকাশবাণী ৰখা হয়।

স্বাধীনতা আন্দোলনৰ সময়ৰে পৰা ৰেডিঅ’, তথ্য সম্প্ৰচাৰ আৰু জনসাধাৰণৰ মাজত একতা সৃষ্টি কৰাৰ ক্ষেত্ৰত শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। স্বাধীনতা লাভৰ পৰৱৰ্তী সময়ত এই মাধ্যমে গ্রামাঞ্চলত স্বাক্ষৰতা, স্বাস্থ্য সজাগতা আৰু কৃষি সম্পৰ্কীয় জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। ১৯৫৭ চনত আকাশবাণীয়ে জনপ্রিয় চলচ্চিত্র গীতৰ প্ৰচাৰেৰে বিবিধ ভাৰতী সেৱা আৰম্ভ কৰে।

১৯২৭ চনৰ পৰা জনসাধাৰণৰ জীৱনত ৰেডিঅ’ই শক্তিশালী ভূমিকা গ্রহণ কৰি আহিছে। ‘বহুজন হিতায়, বহুজন সুখায়’ বাণীৰে আকাশবাণীয়ে জনসাধাৰণৰ শৈক্ষিক, মনোৰঞ্জন আৰু তথ্য প্ৰদানৰ দিশত অনবদ্য ভূমিকা পালন কৰি আহিছে।

ভাৰত ডিজিটেল যুগৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে ৰাজহুৱা সম্প্ৰচাৰ সেৱাৰ এই আদর্শ প্রাসংগিক হৈ আছে আৰু ৰেডিঅ’ ভাৰতীয় সমাজৰ বাবে গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে বিবেচিত হৈ আহিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।